Posts

ক্ৰিপ্টোট্ৰেডিঙ ১০০ কোটিৰ প্ৰতিষ্ঠান এদুল পেটেলৰ মুড্ৰেক্স ৷ Edul Petel's Mudrex, a Rs. 100 Crore Crypto Trading Exchange

Image
বৰ্তমান সময় ক্ৰিপ্টোকাৰেন্সিৰ যুগ এতিয়া আমি এক ডিজিটেল মুদ্ৰাৰ ফালে আগবাঢ়ি গৈ আছো, মানে দুনিয়া ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে- গোটেই বিশ্বত হেজাৰ হেজাৰ ডিজিটেল মুদ্ৰাৰে ভৰি পৰিছে৷ এই ডিজিটেল মুদ্ৰা সমূহ কিনা-বেচা কৰিবলৈ কিছুমান মুঞ্চ প্লেটফৰ্ম নিৰ্মাণ হৈছে তাৰে ভিতৰত ভাৰতবৰ্ষতো বহুতো ডিজিটেল মুদ্ৰা কিনা-বেচা কৰা ক্ৰিপ্টো ট্ৰেডিং প্লেটফৰ্ম গঠিত হৈছে তাৰে ভিতৰত অন্যতম হৈছে মুড্ৰেক্স নামৰ এই ক্ৰিপ্টো ট্ৰেডিং প্লেটফৰ্ম৷ যাক ইংৰাজীত Cripto Trading Exchange বুলি কোৱা হয়৷ এই মুড্ৰেক্স হ’ল চাৰিজন ভাৰতীয় আই আই টি স্নাতকৰ মগজুৰ সৃষ্টি এডুল পেটেল, অলংকাৰ ছাক্সেনা, ৰোহিত গোৱাল আৰু প্ৰিন্স অৰোৰা৷ ইং ২০১৮ চনত এওঁলোকে মুড্ৰেক্স নামৰ ক্ৰিপ্টোট্ৰেডিং এক্সেঞ্জ প্ৰতিষ্ঠা কৰে৷ ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তথা¸ সহ-প্ৰতিষ্ঠাপক হ’ল এডুল পেটেল৷ বৰ্ত্তমান এই মুড্ৰেক্স এক্সেঞ্জৰ মুখ্য কাৰ্যালয় আমেৰিকা আৰু বেংগালুৰুত অৱস্থিত৷ এডুল পেটেল এজন পাণ্ডিত্যশীল উদ্যোগী, স্বয়ংক্ৰিয় ক্ৰিপ্টো ট্ৰেডিঙৰ বাবে ৱাই কম্বিনেটৰ সমৰ্থিত প্লেটফৰ্ম মুড্ৰেক্সৰ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক৷ এওঁৰ আছে টেক-চালিত এপ্লিকেচন নিৰ্মাণৰ ক্ষেত্ৰত গভীৰ...

নিৰন্তৰ অভ্যাসৰ ফল প্ৰায় ১১.৪৫ কোটি প্ৰাইজ মানিৰে বিশ্ব দবা চেম্পিয়নশ্বিপ, ২০২৪ দখল কৰা দ্বিতীয় জন ভাৰতীয় গুকেশ ডোমৰাজু ৷Gukesh Domraju is the second Indian to win the World Chess Championship, 2024 with a prize money of Rs. 11.45 Crore

Image
ভাৰতীয় দবাৰ বাবে এক ঐতিহাসিক কৃতিত্ব হিচাপে ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ গুকেশ ডোমৰাজুৱে আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হৈ ইতিহাসত নিজৰ নাম খোদিত কৰিছে৷ ২০২৪ চনৰ ১২ ডিচেম্বৰত ছিংগাপুৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপৰ ১৪ সংখ্যক আৰু অন্তিমখন খেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি তেওঁ এই সন্মানীয় খিতাপ দখল কৰে ভাৰতীয় গুকেশ ডোমৰাজুৱে৷ এই খিতাপ দখল কৰাৰ  লগে লগে গুকেশৰ মুঠ পুৰস্কাৰৰ ধন ১৩৫ লাখ ডলাৰ প্ৰায় ১১.৪৫ কোটি টকা হোৱাৰ বিপৰীতে লিৰেনে ১১.৫ মিলিয়ন ডলাৰ প্ৰায় ৯.৭৫ কোটি টকা প্ৰাইজ মানি হিচাপে লাভ কৰে৷ ২০২৪ চনৰ ডিচেম্বৰ মাহত গুকেশৰ জয়ে তেওঁক আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন কৰাই নহয়, বিশ্বনাথন আনন্দৰ পিছত এই খিতাপ দখল কৰা দ্বিতীয়জন ভাৰতীয় হিচাপেও পৰিচিত হয়৷ লগতে বিশ্ব চেম্পিয়নৰ খিতাপ দখল ক ৰা  ভাৰতৰ ১৮ বছৰীয়া গুকেশ ডোমৰাজুই বিশ্বৰ কনিষ্ঠ বিশ্ব চেম্পিয়ন হোৱাৰ অভিলেখ গঢ়াৰ লগে লগে পূৰ্বৰ গেৰী কাস্পাৰভে ২২ বছৰ বয়সত এই খিতাপ দখল কৰাৰ অভিলেখ ভঙ্গ কৰে৷ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে ছোভিচেট দেশত জন্মগ্ৰহণ কৰা গেৰী কাস্পাৰভে ২২ বছৰ বয়সত এই খিতাপ দখল কৰিছিল৷ ১৯৮৫ চনত গেৰী কাছপাৰভ ...